ডাউনলোড
মোবাইল এপ

android apple
signal

বাংলাদেশত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ আহ্বান বাংলাদেশ মহিলা পৰিষদৰ

বাংলাদেশ মহিলা পৰিষদে প্ৰফেছৰ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণ কৰাৰ লগতে দেশখনত মহিলা সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে শেহতীয়াকৈ দেশখনত মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ ঘটনা বৃদ্ধি পাইছে। কেৱল মাৰ্চ মাহতে ৪৪২ গৰাকী মহিলা ভুক্তভোগী হৈছে। বাংলাদেশ মহিলা পৰিষদৰ সম্পাদিকা ৰাবিয়া বেগম শান্তিয়ে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই সময়ছোৱাত ১৬৩ গৰাকী মহিলা ধৰ্ষণৰ বলি হৈছে। দুগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। তেওঁ জনোৱা মতে, ৭০ গৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা কৰা হৈছে। সম্পাদিকাগৰাকীয়ে জনোৱা মতে দেশখনত মহিলাসকলক সমজুৱাকৈ অপমানিত কৰি অহা হৈছে। তেওঁ লগতে কয়, যে দেশখনত বৃদ্ধি পাই অহা ডকাইতি, অপহৰণ আৰু হত্যাৰ ঘটনাই সাধাৰণ জনতাৰ জীৱন বিপদাপন্ন কৰি তুলিছে। আন এটা বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, যে দেশখনৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত মহিলাৰ বাবে থকা ৬০ শতাংশ সংৰক্ষণ ব্যৱস্থা শেহতীয়াকৈ বিলুপ্ত কৰা হৈছে। এই পদক্ষেপে মহিলাৰ সৱলীকৰণত যথেষ্ট প্রতিকুল প্রভাৱ পেলাব বুলি উল্লেখ কৰি সম্পাদিকাগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক চলিত বৰ্ষৰ নিয়োগ নীতিত এই সংৰক্ষণ ব্যৱস্থা বাহাল ৰখাৰ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক