ডাউনলোড
মোবাইল এপ

android apple
signal

বতৰৰ-বতৰা:

■ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৫ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।
ইফালে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা পাঁচ দিনলৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জানিবলৈ দিছে। এই সময়ছোৱাত ঠাই বিশেষে ধাৰাষাৰ আৰু বেছিভাগ অঞ্চলতে পাতলীয়া বৰষুণ হ’ব বুলি আগজাননী প্রকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কাইলৈৰ পৰা বৰষুণৰ মাত্ৰা অধিক হ’ব আৰু সৰ্বাধিক তাপমাত্ৰাৰো তাৰতম্য ঘটিব। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনি দিনৰ ভিতৰত কেৰালাত সাগৰীয় উপকূলেৰে ভাৰতত দক্ষিণ-পশ্চিম মৌচুমী বতাহে প্ৰৱেশ কৰিব বুলি কালি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক