ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে আজিও প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী ছহিদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰু কঠোৰ হ’ব লাগিব বুলি দাবী জনায়। তেওঁলোকে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।
পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ সাংস্কৃতিক সমাজে আজি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মৰমৰ শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য ফাদিল কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনায়। জিলাখনৰ অন্যান্য প্রান্ততো আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।
শিৱসাগৰত আজি অসমীয়া যুৱ মঞ্চ আৰু ছাত্ৰ সমাজে প্রতিবাদ সাব্যস্ত কৰে। নগৰখনৰ দৌলমুখ চাৰিআলিৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে। জনতাই সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে দোষীসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।