প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যখনৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই অভিলাসী আঁচনিৰ জৰিয়তে কৃষকসকলক প্রত্যক্ষ আর্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ সমৃদ্ধিশালী জীৱন সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰত আয়োজিত কিষাণ সম্মান সমাৰোহত অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ ৯ কোটি ৮ লাখৰো অধিক কৃষকৰ বাবে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তিত ২২ হাজাৰ কোটি টকা আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ লগতে কৃষি বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে এই অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ জনতা ভৱনৰ পৰা কৃষিমন্ত্ৰী অতুল বৰা, কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজোৰীয়া, কৃষি সঞ্চালক ভাস্কৰ পেগু, অতিৰিক্ত সচিব ত্ৰিপুৰেন্দ্ৰ পাৰ্টৰ, যুটীয়া সচিব বিপুল দাসকে ধৰি কৃষি বিভাগৰ অন্যান্য বিষয়াসকলে এই অনুষ্ঠানত ভাগ লয় । উল্লেখযোগ্য প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অষ্টাদশ কিস্তিৰ জৰিয়তে ৰাজ্যৰ ১৮ লাখ ৮৮ হাজাৰ কৃষক উপকৃত হৈছিল। শেহতীয়াকৈ ৰাজ্যত এই কিস্তিৰ বাবে যোগ্য হিতাধিকাৰীৰ হাৰ ১০ শতাংশ বৃদ্ধি পাইছে বুলি কৃষিমন্ত্ৰী অতুল বৰাই এটা বাৰ্তাত প্ৰকাশ কৰিছে। এই অভিলাসী আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকে প্রত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে ২ হাজাৰ টকাকৈ লাভ কৰে। সমগ্ৰ ৰাজ্যতে এই আঁচনিত যোগ্য কৃষকৰ পঞ্জীয়ন বৃদ্ধিৰ বাবে কৃষি বিভাগে সক্রিয় পদক্ষেপ গ্রহণ কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।