বিহাৰৰ ৰাজগীড়ত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীড় আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ ফ’ৰ পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। কালি সন্ধিয়া অনুষ্ঠিত ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে মালয়েছিয়াক ৪-১ গ’লত পৰাস্ত কৰিছিল। অধিনায়ক হৰমনপ্রীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে আক্রমণাত্মকভাৱে খেলি প্ৰতিযোগিতাৰ শক্তিশালী মালয়েছিয়াক পৰাস্ত কৰিছিল।
Site Admin | September 5, 2025 8:27 PM | Akashvani | Hockey | Hockey India | SPORTS
পুৰুষৰ এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব
