গুৱাহাটী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি চমকপ্রদ সাফল্য কঢ়িয়াই আনিছে। গৱেষকৰ দলটোৱে পদাৰ্থৰ মৌলিক কণিকাৰ মাজত সংঘর্ষ ঘটাই এই অভিনৱ পৰীক্ষা সম্পন্ন কৰে। ইয়াৰ লগে লগে বিশ্ববিদ্যালয়খনে ছুপাৰকণ্ডাক্টিং চাইক্ল’টন ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা চলোৱা দেশৰ প্ৰথমখন প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে। এই অধ্যয়নৰ জৰিয়তে গধূৰ মৌলৰ সংশ্লেষণ বৃদ্ধি হোৱাৰ লগতে পাৰমাণৱিক ৰিয়েক্টৰ গঠনৰ সম্ভাৱনাৰ বাট প্রশস্ত কৰিব বুলি গৱেষকসকলে আশা প্রকাশ কৰিছে। উল্লেখযোগ্য এই পৰীক্ষা পদাৰ্থৰ মৌলিক কণিকাৰ মাজত প্ৰচণ্ড সংঘর্ষ সংঘটিত কৰা হয়। ফলত পদাৰ্থৰ মৌলিক কণাবোৰ ক্ষুদ্ৰ ক্ষুদ্র কণালৈ বিভাজন ঘটে। এই প্ৰক্ৰিয়াত প্রচণ্ড শক্তি উৎপন্ন হয়। ক্ষুদ্ৰ অৱস্থাৰ পাৰমাণৱিক সংঘৰ্ষৰ এই বিৰল পৰীক্ষা সম্পন্ন কৰি গৱেষকসকলে আহৰণ কৰা তথ্যই শক্তি উৎপাদনকে ধৰি পাৰমাণৱিক পদার্থ বিজ্ঞান ক্ষেত্ৰখনক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Site Admin | June 8, 2025 12:14 PM | Gauhati University
পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ চমকপ্ৰদ সাফল্য
