ডাউনলোড
মোবাইল এপ

android apple
signal

May 25, 2025 10:38 AM | NITI Aayog Meet

printer

নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ দেশৰ সকলো ৰাজ্যৰ সমৰ্থন

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে কালি নতুন দিল্লীত অনুষ্ঠিত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ সমৰ্থন প্রকাশ কৰে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্ৰমণ্যমে কয়, যে পেহেলগামৰ ঘটনাক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল আৰু প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিৰক্ষা বাহিনীসমূহৰ ভূমিকা তথা সাহস আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয়, যে বৈঠকত প্রধানমন্ত্রী মোদীয়ে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে টীম ইণ্ডিয়াৰ শক্তিৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। অপাৰেচন সিন্দূৰৰ সময়ত এই শক্তি দেখিবলৈ পোৱাৰ বিষয়ে প্রধানমন্ত্ৰীয়ে বৈঠকত মন্তব্য কৰা বুলি তেওঁ জানিবলৈ দিয়ে। বৈঠকত শ্রীমোদীয়ে কয়, যে ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠিলে বিকশিত ৰাষ্ট্ৰ ৰূপেও পৰিগণিত হ’ব। প্রধানমন্ত্রীয়ে লগতে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে প্ৰৱৰ্তন কৰা কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতি আহ্বান জনায়। পৰিষদৰ বৈঠকত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক গোলকীয় মানৰ সৈতে তাল মিলাই সকলো সুবিধা আৰু আন্তঃগাঁথনিৰে সমৃদ্ধ কমেও এখন পর্যটন থলী বিকশাই তুলিবলৈও আহ্বান জনায়। নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰৰ ৩৩ খনে ভাগ লয়।

অধিক পঢ়ক

সকলো চাওক