ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আঁচনিৰ অধীনত জোনাই সমষ্টিৰ অন্তৰ্গত ১৮ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া আবাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰী লাভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিখন বিদ্যালয়লৈ প্ৰায় চাৰি কোটিকৈ টকা আৱণ্টন হৈছে। উল্লেখযোগ্য যে জনজাতীয় অঞ্চলৰ গাঁওসমূহৰ উন্নয়নক লৈ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিক বাস্তৱত ৰূপায়িত কৰাৰ লক্ষ্যৰে ভৈয়াম জনজাতি উন্নয়ন নিগমে এই আঁচনিখন গ্ৰহণ কৰিছে। জোনাই সমষ্টিতে এই আঁচনিৰ অধীনত সৰ্বাধিক বিদ্যালয়ে আবাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰী লাভ কৰিছে। ২৯ জুলাইত সমগ্র দেশতে একেলগে ভার্চুৱেলী প্রধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া কাৰ্যসূচীৰ পূৰ্বে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে বিদ্যালয়সমূহৰ আৱাস নির্মাণস্থলীসমূহ কালি পৰিদৰ্শন কৰে।
Site Admin | July 28, 2025 11:30 AM | Dharti aba at Jonai LAC
ধৰতি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আঁচনিৰ অধীনত জোনাই সমষ্টিৰ অন্তৰ্গত ১৮ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া আবাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰী লাভ
