ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ট্রেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৪ জন অভিযুক্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিবিআই বিশেষ আদালতে ট্রেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৪ জন অভিযুক্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই ৪জন অভিযুক্ত হৈছে বিশাল ফুকন, ৰঞ্জিত কাকতি, অভিজিৎ চান্দ আৰু স্বপ্ননীল দাস। পূৰ্বৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই আজি চাৰিওজন অভিযুক্তক আদালতত হাজিৰ কৰোৱায়। পাছত আদালতে আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অহা ১৩ নৱেম্বৰত চাৰিওজন অভিযুক্তক পুনৰ চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাব লাগিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।