ডাউনলোড
মোবাইল এপ

android apple
signal

ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে

● আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কালি ভাৰতৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কৰ বিষয়ে পুনৰ সমালোচনা কৰাৰ পিছত আমেৰিকাৰ সংবাদ মাধ্যমসমূহে কৈছে যে, ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে।

দ্যা ৱাল্ ষ্ট্ৰীট জাৰ্ণেলে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতত আমেৰিকাৰ শুল্কৰ প্ৰভাৱ বিষয়ক এটি চমু বিৱৰণী প্ৰকাশ কৰিছে। ইয়াৰ শিৰোনাম হৈছে- ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ জৰিমণা হিচাপে ট্রাম্পে ভাৰতত শুল্ক বৃদ্ধি কৰিছে যদিও ইয়াৰ বিপৰীত প্ৰতিক্ৰিয়া কিয় দেখা গৈছে। এই সন্দৰ্ভত বিশ্লেষক কেৰল ৰিয়ানে কৈছে, যে প্ৰাৰম্ভিক অৱস্থাত এই নতুন শুল্ক ব্যৱস্থাই ভাৰতীয় ক্রেতাসকলক ভীতিগ্ৰস্থ কৰিছিল, যাৰবাবে তেওঁলোকে অনুমোদিত ৰাছিয়াৰ খাৰুৱা তেল বিক্ৰী কৰাৰ লগতে মধ্য প্ৰাচ্যৰ পৰা তেলৰ অৰ্ডাৰ দিবলৈ বাধ্য হৈ পৰিছিল। অৱশ্যে ৰাছিয়াই ভাৰতীয় গ্ৰাহকসকলক পুনৰ ঘূৰাই পোৱাৰ বাবে নিজৰ তেলৰ মূল্য হ্ৰাস কৰে বুলিও তেওঁ মন্তব্য কৰে। তেওঁলোকে এই বুলিও দাবী কৰিছে যে, ভাৰত চৰকাৰেও ৰাছিয়াৰ পৰা তেল ক্রয় অব্যাহত ৰখাৰ বাবে সেউজ সংকেত দিছে, যাৰ ফলত খাৰুৱা তেলৰ প্ৰবাহ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।