● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা জি এছ টি উঠাই লোৱাৰ বিষয়টোত জি এছ টি পৰিষদে অনুমোদন জনাইছে। নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰাই অৰ্থাৎ অহা ২২ ছেপ্তেম্বৰ পৰাই এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ’ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী সীতাৰমনে কয়, যে সাধাৰণ লোকসকলৰ বাবে বীমাৰ সুবিধা সুলভ কৰাৰ উদ্দেশ্যে জি এছ টিৰ ক্ষেত্ৰত এই সংস্কাৰ সাধন কৰা হৈছে।
শ্ৰীমতী সীতাৰমনে কয়, যে জীৱন ৰক্ষাকাৰী ৩৩ প্ৰকাৰৰ ঔষধৰ ক্ষেত্ৰত থকা ১২ শতাংশ জি এছ টি সম্পূৰ্ণ ৰূপে উঠাই দিয়া হৈছে। সেইদৰে কৰ্কট ৰোগ তথা অন্যান্য জটিল ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ক্ষেত্ৰত থকা ৫ শতাংশ জি এছ টি সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ কৰাৰ কথাও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। অন্যান্য ঔষধৰ ক্ষেত্ৰত থকা জি এছ টিৰ পৰিমাণ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। সেইদৰে চিকিৎসাত ব্যৱহৃত বিভিন্ন সা-সঁজুলি আৰু শল্য চিকিৎসা, দন্ত চিকিৎসা, পশু চিকিৎসা আদিৰ ক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰপাতিৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে।