● বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য আৰু অৰ্থনৈতিক সুৰক্ষা বিভাগৰ ইউৰোপীয় আয়ুক্ত মাৰোশ্ব ছেভচ্চোৱিচ্চে চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ’ব বুলি দোহাৰিছে। বেলজিয়ামৰ ব্ৰুছেলছত কালি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰখনত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধানৰ হকে উভয় পক্ষই মত বিনিময় কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মন্ত্ৰী শ্ৰী গোৱেলে কালিৰ এই আলোচনাক অতিশয় ফলপ্রসূ বুলি অভিহিত কৰি কয়, যে এই বৈঠকত বাণিজ্য আৰু যোগান শৃংখলকে ধৰি উভয় পক্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতাক অধিক আস্থাশীল কৰি তোলা তথা গভীৰ ৰূপ দিয়াৰ বিষয়ে আলোচনা কৰা হয়। উভয় পক্ষৰ মাজৰ এই সহযোগিতাক চুক্তিখনৰ জৰিয়তে সুদূৰ প্ৰসাৰী ৰূপ দিয়াৰ উদ্দেশ্যে উদ্ভাৱন আৰু প্ৰতিযোগিতামূলক মনোভাৱৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ বিষয়ে বৈঠকত সহমত প্ৰকাশ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। সংশ্লিষ্ট অঞ্চলসমূহত সমৃদ্ধি তথা বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যে পৰস্পৰৰ্ক উপকৃত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ হকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উছুলা ভন ডেৰ লেয়েনৰ নেতৃত্বত ভাৰত আৰু ইউৰোপীয় সংস্থা উভয়ে দায়বদ্ধতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | May 2, 2025 4:05 PM | Akashvani News | Piyush Goel
চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ’ব
