● গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ কালি সামৰণি পৰে। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত আয়োজিত এই প্রতিযোগিতাৰ ল’ৰাৰ ১৪ বছৰ অনুৰ্থ শাখাত অসমৰ নিব্ৰাছ হুছেইনে একক আৰু ডাবলছ শাখাৰ খিতাপ দখল কৰে। নিব্ৰাছে একক শাখাৰ ফাইনেলত বিহাৰৰ অবিনাশ ৰয়ক ৬-২, ৬-২ ব্যাৱধানত পৰাস্ত কৰাৰ উপৰি ডাবলছত অসমৰ চন্দ্ৰ মোহান্তিৰ সৈতে যুটী বান্ধি বিহাৰৰ ৰিক ৰাউট আৰু অবিনাশ ৰয়ক ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে ।
ইপিনে অসমৰ কৃষ্টি হালৈয়ে ডাবলছৰ ১২ বছৰ অনুৰ্থ শাখাৰ ফাইনেলত কৰ্ণাটকৰ আনিশাৰ সৈতে যুটী বান্ধি অসমৰে ব্যানিষ্কা মহন্ত আৰু বংগৰ ইভানা ৬-৩, ৬-৩ ছেটত পৰাস্ত কৰে। অৱশ্যে খেলুৱৈগৰাকী ১২ আৰু ১৪ বছৰ অনুৰ্থ একক শাখাৰ দুয়োখন ফাইনেলতে পৰাস্ত হয়।
প্রতিযোগিতাৰ ১৪ বছৰ অনুৰ্থ ডাবলছ শাখাত অসমৰ ধ্যানা মৰং আৰু আনিয়া বিশ্বাসে অসমৰে সংস্কৃতি বৰা আৰু ওড়িশাৰ স্বৰ্ণচানা দাসক পৰাস্ত কৰে। ল’ৰাৰ ১২ বছৰ অনুৰ্থ একক শাখাত মহাৰাষ্ট্ৰৰ আহান আৰু ডাবলছত অথৰ্ব আৰু শ্লোক আনন্দ চেম্পিয়ন হয়।