■ বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ আজিৰ দ্বিতীয় দিনৰ প্ৰতিযোগিতাত ভিন ভিন ৰাজ্যৰ খেলুৱৈসকলে ছেপাক টাক্ৰ’, কাবাডী আৰু পৰম্পৰাগত সমৰকলা প্ৰতিযোগিতাত গটকাকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। ৰাজগড় ক্রীড়া প্ৰকল্পত অনুষ্ঠিত ল’ৰাৰ কাবাড়ী প্ৰতিযোগিতাৰ এখন উত্তেজনাপূর্ণ খেলত অন্ধ্র প্রদেশে ছট্টিশড়ক পৰাভূত কৰে। কাবাডী প্ৰতিযোগিতাৰ ছোৱালীৰ শিতানত ৰাজস্থানে উল্লেখনীয় প্ৰদৰ্শনেৰে ছট্টিশগড়ৰ বিৰুদ্ধে ৪৩-৩৩ পইণ্টৰ ব্যৱধানত জয়লাভ কৰে।
প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। অনুষ্ঠানত ভাষণ দি তেওঁ ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। চৰকাৰে ক্ৰীড়াক শীৰ্ষ অগ্ৰাধিকাৰ দিয়াৰ লগতে আন্তঃগাঁথনি উন্নয়নতো গুৰুত্ব দিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ক্রীড়া প্রতিযোগিতাসমূহ এতিয়া গোটেই বছৰ জুৰি অনুষ্ঠিত হয় আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিত ক্রীড়াক অধ্যয়নৰ মূল বিষয় হিচাপেও স্বীকৃতি দিয়া হৈছে।
উল্লেখযোগ্য যে এইবেলি খেলো ইণ্ডিয়া যুৱ ক্রীড়া প্রতিযোগিতাত ৮ হাজাৰ ৫০০গৰাকীতকৈও অধিক সংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাসমূহ বিহাৰৰ পাটনা, ৰাজগীৰ, গঞা, ভৱলপুৰ আৰু বেগুচৰাইকে ধৰি ৬খন ভিন ভিন চহৰত আৰু চাইক্লিং, শ্বুটিং আৰু এথলেটিক্স প্রতিযোগিতাসমূহ নতুন দিল্লীত অনুষ্ঠিত হ’ব।
Site Admin | May 5, 2025 5:00 PM | 7th Khelo India Youth Games 2025 | Khelo India | SPORTS
খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ দ্বিতীয় দিনত ভিন্ন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণ
