ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ পৰা  বান পৰিস্থিতিৰ বুজ লয়

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি উত্তৰ-পূবৰ ৪ খন ৰাজ্য ক্রমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰপৰা বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সাক্ষাতৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়, যে উত্তৰ-পূবৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সদায়ে অটল স্থিতি গ্ৰহণ কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্রী অমিত শ্বাহৰ এই তাৎক্ষণিক প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ৰাজ্যকেইখনত এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় প্রশাসনে ২৪ ঘণ্টাই ক্ষতিগ্রস্ত লোকসকলক সহায় আৰু উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ উপৰি মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডতো বিগত সময়ছোৱাত হোৱা বৰষুণে ব্যাপক ক্ষয়-ক্ষতি কৰিছে। এই ৰাজ্যকেইখনত এতিয়ালৈ ২৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই ২৭ জন লোকৰ ভিতৰত অৰুণাচল প্ৰদেশত ৯ জন, মেঘালয়ত ৬ জন, অসম আৰু মিজোৰামত ৫ জনকৈ আৰু ত্ৰিপুৰা আৰু নাগালেণ্ডত এজনকৈ লোকৰ মৃত্যু হৈছে।

অধিক পঢ়ক

সকলো চাওক