পাকিস্তানৰ শেহতীয়া আগ্রাসী মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি কিষনগড়, ভুন্তৰ আৰু লুধিয়ানা বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাজস্থান, পাঞ্জাব, জম্মু-কাশ্মীৰ, চণ্ডীগড় আৰু হিমাচল প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিমান বন্দৰৰ সেৱা বাতিল কৰা হৈছিল ৷ ইপিনে, অ-সামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে সমগ্ৰ দেশৰ বিমান বন্দসমূহ বন্ধ কৰি দিয়া হৈছে বুলি ওলোৱা বাতৰিক খণ্ডণ কৰিছে। দিল্লী বিমান বন্দৰ কৰ্তৃপক্ষই যাত্ৰা সম্পৰ্কীয় পৰামৰ্শ জাৰি কৰিছে আৰু বন্দৰটোৰ কাম-কাজ স্বাভাৱিক হৈ থকা বুলি প্ৰকাশ কৰিছে। অৱশ্যে আকাশী পথ সলনি কৰা আৰু কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ বাবে একাংশ বিমানৰ উৰণৰ প্ৰভাৱিত হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।
Site Admin | May 9, 2025 12:30 PM | Bhuntar and Ludhiana airports closed | Kishangarh
কিষনগড়, ভুন্তৰ আৰু লুধিয়ানা বিমানবন্দৰ বন্ধ
