ডাউনলোড
মোবাইল এপ

android apple
signal

February 16, 2025 8:03 PM | Karbi Festival

printer

কাৰ্বি আংলং জিলাৰ তাৰালাংছ’ত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ’ত আজিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কয়, যে ভাষা সাহিত্য আৰু সংস্কৃতি এটা জাতিৰ পৰিচয় দাঙি ধৰে। কাৰ্বি ভাষা সাহিত্য বিকাশৰ ক্ষেত্ৰত ৰাজনীতিক একাষৰীয়া কৰি সকলোকে একেখন মঞ্চত মিলিত হ’বলৈ তেওঁ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানৰ পাছতে বিভিন্ন মঞ্চত কাৰ্বিসকলৰ পৰম্পৰাগত লোকনৃত্য, গীত-মাত প্রতিযোগিতা আয়োজিত হয়। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে কাৰ্বি লোক সংস্কৃতিৰ আদিগুৰু ৰাংচিনা চাৰপ’ক আৰাধনা কৰা হয়। ইয়াৰ পাছতে বর্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাৰি সহস্ৰাধিক কাৰ্বি শিল্পী, ডেকা-গাভৰুৱে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক