মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চিৰাঙৰ সদৰ কাজলগাঁৱত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহটো মুকলি কৰে। জিলা বিজেপিৰ কাৰ্যালয় মুকলি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাগত বিটিচি পৰিষদীয় নির্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ’ব। ইয়াৰ বাবে দলীয় কার্যকৰ্তাসকলক সকলো বুথক শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়।
তেওঁ কয়, যে চিৰাঙত বিগত সময়ছোৱাত ৩০ হাজাৰ লোক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে। এইবাৰ জিলাখনত ৬০ হাজাৰ হিতাধিকাৰী অৰুণোদয় আঁচনি লাভ কৰিব বুলি তেঁও প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত ৫ বছৰত বিটিআৰত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰে। আজিৰ কাৰ্যকৰ্তা সন্মিলনত অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিগত ৫ বছৰত বিটিআৰৰ উন্নয়ন হোৱা বুলি উল্লেখ কৰে। এই সন্মিলনত মন্ত্ৰী কৌশিক ৰায়, বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰশাসনীয় মুৰববী বিষয়াসকলৰ সৈতে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী জনকল্যানমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিসমূহৰ ৰূপায়নৰ জৰিয়তে সমাজৰ শেষ শাৰীৰ লোকজনকো সামৰি লবলৈ জিলা আয়ুক্তই নির্দেশ দিয়ে।
Site Admin | July 9, 2025 7:38 PM | CM in Chirrang
কাজলগাঁৱত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহ মুকলি
