July 9, 2025 7:38 PM

views 15

কাজলগাঁৱত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহ মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চিৰাঙৰ সদৰ কাজলগাঁৱত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহটো মুকলি কৰে। জিলা বিজেপিৰ কাৰ্যালয় মুকলি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাগত বিটিচি পৰিষদীয় নির্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব। ইয়াৰ বাবে দলীয় কার্যকৰ্তাসকলক সকলো বুথক শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয়, যে চিৰাঙত বিগত সময়ছোৱাত ৩০ হাজাৰ লোক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে। এইবাৰ জিলাখনত ৬০ হাজাৰ হিতাধিকাৰী অৰুণ...