উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহান মিজোৰামত উপস্থিত

কেন্দ্রীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহান অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ চাৰিদিনীয়া ভ্রমণসূচীৰে আজি বিয়লি মিজোৰামত উপস্থিত হৈছে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰ্যালোচনা কৰাৰ লগতে ভালেমান প্রকল্প উদ্বোধন কৰিব। তেওঁ ভালেসংখ্যক কৃষক তথা হিতাধিকাৰীৰ সৈতেও মত-বিনিময় কৰিব। মন্ত্ৰীগৰাকীয়ে এই ভ্রমণ কালত ২৯ মে’ত দেশজুৰি আৰম্ভ হ’বলগীয়া বিকশিত কৃষি সংকল্প অভিযানত ৰাজ্যসমূহৰ সহযোগিতা সম্পৰ্কেও আলোচনা কৰিব। কাইলৈ শ্ৰীচৌহানে মিজোৰামত কৃষি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি দুপৰীয়াৰ ভাগত নাগালেণ্ডৰ জুলুকিস্থিত পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক ভৱন মুকলি কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে ৰাজ্যখনৰ কৃষি মন্ত্ৰী আৰু সাংসদসকলৰ সৈতে মত- বিনিময় কৰিব। ১৭ মেত শ্রীচৌহানে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ ল’ব। এই ভ্রমণকালত তেওঁ কামাখ্যা মন্দিৰো দৰ্শন কৰিব।