May 14, 2025 8:57 PM

views 15

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহান মিজোৰামত উপস্থিত

কেন্দ্রীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহান অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ চাৰিদিনীয়া ভ্রমণসূচীৰে আজি বিয়লি মিজোৰামত উপস্থিত হৈছে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰ্যালোচনা কৰাৰ লগতে ভালেমান প্রকল্প উদ্বোধন কৰিব। তেওঁ ভালেসংখ্যক কৃষক তথা হিতাধিকাৰীৰ সৈতেও মত-বিনিময় কৰিব। মন্ত্ৰীগৰাকীয়ে এই ভ্রমণ কালত ২৯ মে'ত দেশজুৰি আৰম্ভ হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযানত ৰাজ্যসমূহৰ সহযোগিত...