ডাউনলোড
মোবাইল এপ

android apple
signal

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ ৩ জনীয়া অভ্যন্তৰীণ তদন্ত কমিটি গঠন

উচ্চতম ন্যায়ালয়ে যোৱা নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ সন্দৰ্ভত ফটো, ভিডিঅ’সহ অভ্যন্তৰীণ প্রতিবেদন ৱেবছাইটত আপলোড কৰে। সর্বোচ্চ ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত ন্যায়াধীশ বাৰ্মাৰ উত্তৰো জাৰি কৰিছে। ন্যায়াধীশ বার্মাই তেওঁৰ উত্তৰত অভিযোগসমূহ খণ্ডন কৰি জুই লগা তথা নগদ ধন উদ্ধাৰ হোৱা কথাটো মূল ভৱনৰ অংশ নাছিল আৰু বাহিৰৰ কোঠা আছিল বুলি উল্লেখ কৰিছে। ন্যায়াধীশগৰাকীয়ে লগতে কোঠাটোত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্য বাস নকৰা বুলি দাবী কৰে।
তদন্ত প্রতিবেদন অনুসৰি ন্যায়াধীশ বার্মাই তেওঁ অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই ভঁৰাল ঘৰত নগদ ধন ৰখা নাছিল বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। উদ্ধাৰ কৰা ধনৰাশি নিজৰ নহয় বুলিও তেওঁ উল্লেখ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ে দাখিল কৰা তদন্ত প্রতিবেদনত আনুষ্ঠানিক বার্তাও অন্তৰ্ভুক্ত কৰা হৈছে। এই বাৰ্তাত ভাৰতীয় টকাৰ ৪-৫টা আধা পোৰা জাপ উদ্ধাৰ কৰা বুলি কোৱা হৈছে। ২৫ পৃষ্ঠা জোৰা এই তদন্ত প্রতিবেদনত হোলীৰ নিশা ন্যায়াধীশ বাৰ্মাৰ বাসগৃহত চলোৱা অগ্নি নির্বাপণ অভিযানৰ ভিডিঅ’ আৰু ফটোগ্রাফো অন্তর্ভুক্ত কৰা হৈছে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ইতিমধ্যে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ এখন তিনিজনীয়া অভ্যন্তৰীণ তদন্ত কমিটী গঠন কৰিছে। এই কমিটীত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাও, হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এচ সন্ধৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অণু শিৱৰমণ আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ খান্নাই লগতে ন্যায়াধীশ বার্মাক কোনো আইনী কামৰ দায়িত্ব অর্পণ নকৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নির্দেশ দিছে।
সংবাদ মাধ্যমৰ বাতৰিত ইতিপূর্বে ন্যায়াধীশ বার্মাৰ ঘৰত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ সময়ত হিচাপ বিহীন নগদ ধন উদ্ধাৰ হোৱা বুলি বাতৰি পাইছিল। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ বার্মাক তেওঁৰ মূল উচ্চ ন্যায়ালয়- এলাহবাদ উচ্চ ন্যায়ালয়লৈ ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। অৱশ্যে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ পূৰ্ণ বিচাৰপীঠৰ বৈঠকত শাস্তিমূলক বদলিয়ে পর্যাপ্ত নহয় আৰু ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়োৱা হৈছিল। ইয়াৰ পাছতে পূর্ণ বিচাৰপীঠখনে অভ্যন্তৰীণ তদন্তৰ প্রতি সন্মতি প্রকাশ কৰিছিল আৰু প্ৰথম পদক্ষেপ হিচাপে বদলিকৰণত অনুমোদন জনাইছিল। বদলিকৰণৰ প্রক্রিয়া অব্যাহত আছে যদিও চৰকাৰে এতিয়ালৈকে ইয়াত অনুমোদন জনোৱা নাই।

অধিক পঢ়ক

সকলো চাওক