ডাউনলোড
মোবাইল এপ

android apple
signal

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশী, আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ

যোৱা ২৩ মে’ত মেঘালয় ভ্ৰমণৰ বাবে আহি দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত তেওঁৰ পত্নী সোনম ৰঘুবংশীৰ লগতে আন তিনিজন অভিযুক্তক মেঘালয় আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত সোনম ৰঘুবংশীয়ে আত্মসমৰ্পণ কৰাৰ পাছত আজি ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী প্রেষ্টন টিনচঙে মেঘালয় আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সংবাদমেল যোগে এই বিষয়ে প্রকাশ কৰিছে। সংবাদ মেলত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে আৰক্ষীয়ে আন এজন অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আটাইকেইজন অভিযুক্তকে সোধা-পোছাৰ বাবে শ্বিলঙলৈ অনা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। একাংশ সংবাদমাধ্যমে এই ঘটনাৰ সবিশেষ তদন্ত হোৱাৰ পূৰ্বে মেঘালয় অপৰাধৰ কেন্দ্ৰস্থল হৈ পৰা বুলি বাতৰি পৰিৱেশন কৰাটো দুৰ্ভাগ্যজনক বুলি শ্রী টিনচঙে মন্তব্য কৰে। ইয়াৰ ফলত ৰাজ্যখনৰ ভাবমূর্তি নষ্ট হৈছে বুলিও তেওঁ উল্লেখ কৰে। সাময়িক উত্তেজনাৰ বশৱৰ্তী হৈ একাংশই বিবেচনাহীন ভাবে এনে মন্তব্য কৰা বুলি তেওঁ উল্লেখ কৰে। শ্ৰী টিনচঙে সন্ধানহীন পর্যটক দম্পত্তিৰ সন্ধানত অভিযান চলোৱাত সক্রিয় ভূমিকা লোৱা আৰক্ষী, ছোহৰাৰ বাসিন্দাসকল, বিশেষ তদন্তকাৰী দল, এছ ডি আৰ এফ, এন ডি আৰ এফ, পৰ্বতাৰোহী ক্লাব, স্থানীয় টেক্সি চালককে ধৰি সকলো লোকৰ শলাগ লয়। তেওঁ কয়, যে ৰাজ্যখনৰ চৰকাৰে এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত জড়িতসকলক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰিছে। সংবাদমেলত আৰক্ষী অধীক্ষক বিবেক চিয়েমে প্রকাশ কৰা মতে ৰাজা ৰঘুবংশীক ২৩ মে’ত হত্যা কৰি অভিযুক্ত কেইজনে পলায়ন কৰিছিল। এই ঘটনাত সোনম আৰু ৰাজ কুছৱাহাক মূল অভিযুক্ত বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। উল্লেখযোগ্য যে, ৰাজা ৰঘুবংশীৰ গলিত মৃতদেহ দুই জুনত ছোহৰাৰ এটা জলপ্ৰপাতৰ সমীপত উদ্ধাৰ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক