ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান-প্রতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহযোগত যোৰহাটত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ মুখ্য তোৰণ কালি মুকলি কৰা হয়। কালি সদৌ অসম ভিত্তিত বিষ্ণুৰাভা সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত চাৰি শতাধিক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। আজি সাংস্কৃতিক শোভাযাত্রা, মূল সভা আৰু বিষ্ণুৰাভা সংগীত পৰিৱেশন কৰা হ’ব। শোণিতপুৰ জিলাতো বিষ্ণুৰাভা দিৱস পালন কৰা হ’ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এই দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সদৌ অসম ম‍ইনা পাৰিজাতৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰা শাখাৰ উদ্যোগত কাইলৈ জিলাখনৰ তৰাডুবি মিনি ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ’ব। এই অনুসৰি পুৱা পতাকা উত্তোলন আৰু গছপুলি ৰোপনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব। দিনৰ ১০ বজাৰ পৰা চিত্রাংকন, কবিতা আবৃত্তি আৰু বিষ্ণুৰাভা সংগীতৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি আয়োজিত মুকলি সভাত প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হ’ব।
ৰাজ্য চৰকাৰে বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। বিয়লি ৪ বজাত নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। এই অনুসৰি ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড° থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দূৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক চিংখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ’ব। একেদৰে চলিত বছৰৰ ৪ টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্রশিল্পী নৰেন্দ্ৰ নাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী তথা গৱেষক ড° মল্লিকা কন্দলীলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হ’ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোনাৰাম শৰ্মা বুঢ়াভকতলৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সর্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই সন্মানীয় অতিথি আৰু কৃষি আৰু উদ্যান শস্য মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ ল’ব। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইড় নির্দিষ্ট বক্তা হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব। মুখ্যমন্ত্রী ড° শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে।

অধিক পঢ়ক

সকলো চাওক