June 20, 2025 11:55 AM

views 19

আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান-প্রতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহযোগত যোৰহাটত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ মুখ্য তোৰণ কালি মুকলি কৰা হয়। কালি সদৌ অসম ভিত্তিত বিষ্ণুৰাভা সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত চাৰি শতাধিক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। আজি সাংস্কৃতিক শোভাযাত্রা, মূল সভা আৰু বিষ্ণুৰাভা স...

June 8, 2025 12:58 PM

views 27

বজালীৰ পাঠশালাত সদৌ অসম ভিত্তিক বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন

অহা ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি বজালীৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত সদৌ অসম ভিত্তিক বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ হ'বলগীয়া প্ৰতিযোগিতাত প্রতিযোগীসকলে বিষ্ণু প্রসাদ ৰাভা ৰচিত আৰু সুৰাৰোপিত গীত পৰিৱেশন কৰিব পাৰিব। প্ৰতিযোগিতাত কোনো ধৰণৰ ভৰ্তি মাচুলৰ ব্যৱস্থা কৰা হোৱা নাই ।

June 19, 2024 12:11 PM

views 27

লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যলৈ ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটা

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিব। তদুপৰি অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ৯ গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু ৮ টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। ...

June 18, 2024 12:34 PM

views 18

পৰহিলৈ দৰং মহাবিদ্যালয় প্রেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ দৰং মহাবিদ্যালয় প্রেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে চলিত বছৰৰ বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিব। তদুপৰি অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ৯ গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত ক...