ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম সাহিত্য সভাই তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে সভাই কেন্দ্ৰ, জিলা আৰু সমজিলা পৰ্যায়ত গঠিত কোষসমূহত প্ৰশাসনীয় ভাষা প্রয়োগ নিশ্চিতকৰণতো গুৰুত্ব আৰোপ কৰে। সভাৰ প্ৰকাশন বিভাগৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীৰ ইংৰাজী আৰু হিন্দী সংস্কৰণ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত সাহিত্য সভাৰ গোট গঠন কৰি নৱপ্ৰজন্মক সাহিত্য সভামুখী কৰিবলৈও বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। ডিমাপুৰ আৰু কোহিমাত অৱস্থিত সাহিত্য সভাৰ ভূমিত অসম ভৱন নির্মাণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হ’ব বুলিও আজিৰ বৈঠকত থিৰাং কৰা হয়। ইয়াৰ লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ হ্ৰাস হোৱাৰ কাৰণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যেৰে বিদ্যায়তনিক পৰিষদ গঠন কৰিবলৈ সভাই চৰকাৰক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।