ভাৰতীয় ৰিজাৰ্ভ বেংকে দুমহীয়া মৌদ্রিক নীতি সমীক্ষা অনুসৰি পলিছি ৰেপ’ৰেট ৬.৫-০ শতাংশত অপৰিবৰ্তিত ৰাখিছে। শীৰ্ষ বেংকটোৱে একেৰাহে অষ্টমবাৰৰ বাবে ৰেপ’ৰেটৰ কোনো পৰিবৰ্তন কৰা নাই। ষ্টেণ্ডিং ডিপ’জিট ফেচিলিটি – এছ ডি এফৰ হাৰ ৬. ২-৫ শতাংশত আৰু মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি এম এছ এফৰ হাৰ তথা বেংকৰ হাৰ ৬.৭-৫ শতাংশত অপৰিবৰ্তিত ৰাখে। মৌদ্রিক নীতি সমিতিয়ে ৪ অনুপাত ২ বহুমতত এই সিদ্ধান্ত গ্রহণ কৰে। সমিতিয়ে আর্থিক বৃদ্ধিত উৎসাহ যোগোৱাৰ লগতে মুদ্রাস্ফীতি নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। আৰ বি আইৰ মৌদ্রিক নীতি সমিতিৰ তিনিদিনীয়া বৈঠক ৫ জুনত আৰম্ভ হৈছে। বৈঠকৰ অন্তত ইয়াৰ সিদ্ধান্তসমূহৰ বিষয়ে ঘোষণা কৰি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে মুদ্রাস্ফীতি আৰু আৰ্থিক বৃদ্ধিৰ ভাৰসাম্য সুবিধাজনক স্থিতিত আছে। শ্রীদাসে লগতে কয় যে মৌদ্রিক নীতি সমিতিয়ে স্বাভাৱিক মৌচুমী বতৰৰ সময়ছোৱাত খাদ্যৰ মুদ্রাস্ফীতি নিৰিক্ষণ কৰি থাকিব।
Assamese | June 7, 2024 6:38 PM | Reserve Bank
একেৰাহে অষ্টমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপ’ৰেট অপৰিৱৰ্তিত