ডাউনলোড
মোবাইল এপ

android apple
signal

April 17, 2025 10:00 AM | SC Waqf Act

printer

ৱকফ সংশোধনী আইন ২০২৫ সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ দিয়াৰ পৰা বিৰত উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কালি ৱকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত কোনো অন্তৱৰ্তীকালীন আদেশ দিয়াৰ পৰা বিৰত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ে উত্থাপন কৰা তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে অধিক সময় বিচাৰে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন তিনিজনীয়া বিচাৰপীঠে এই আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰি আছে। তিনিজনীয়া বিচাৰপীঠখনে আজি দিনৰ ২ বজাত পুনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব। কালি শুনানিৰ সময়ত বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰৰ হৈ ওকালতি কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক পঞ্জীয়নৰ বাবে আৱশ্যকীয় নথি নথকা ৱক্‌ফ by user সকলক কেনেকৈ প্ৰত্যাখ্যান কৰিব পৰা যায় বুলি প্ৰশ্ন উত্থাপন কৰে। তিনিজনীয়া বিচাৰপীঠখনে নতুন ৱকফ আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদন সন্দৰ্ভত অন্তৱৰ্তীকালীন ৰায় দিয়াৰ কথা বিবেচনা কৰে। বিচাৰপীঠখনে তিনিটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। ন্যায়ালয়ে কয়, যে আৱেদনসমূহৰ শুনানি চলি থকা লৈকে ৱক্‌ফ হিচাপে ঘোষণা কৰা সম্পত্তিসমূহক তালিকাৰ পৰা বাদ দিয়া উচিত নহ’ব। সংশোধিত আইনৰ অধীনত কোনো সম্পত্তি চৰকাৰী ভূমি হয় নে নহয় সেই বিষয়ে জিলাধিপতিৰ তদন্ত অব্যাহত থকালৈকে ৱক্‌ফ সম্পত্তিক ৱক্ফ বুলি গণ্য নকৰাৰ ব্যৱস্থা কার্যকৰী নহ’ব বুলি ন্যায়ালয়ে মন্তব্য কৰে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয়, যে পদেন সদস্যসকলৰ বাহিৰে ৱক্‌ফ পৰিষদ আৰু কেন্দ্ৰীয় ৱক্‌ফ পৰিষদৰ সকলো সদস্য মুছলমান সম্প্ৰদায়ৰ হোৱা উচিত। ন্যায়ালয়ে অৱশেষত শুনানিক আজিও অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ খান্না ৱক্‌ফ সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিমবংগত হোৱা হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক