ডাউনলোড
মোবাইল এপ

android apple
signal

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব: মুখ্যমন্ত্ৰী

■ ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। হিতাধিকাৰীসকলে বজাৰৰ দৰতকৈ দাইল আৰু চেনি কম মূল্যত লাভ কৰাৰ লগতে নিমখ ১০ টকা কম দামত ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয়, যে ৰেচন কাৰ্ড থকা পাঁচজনীয়া পৰিয়ালে এই সামগ্ৰী লাভ কৰিব আৰু পাঁচজনতকৈ অধিক সদস্য থাকিলে এই সামগ্রী ২ কিলোগ্ৰামকৈ লাভ কৰিব। মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলাসকলক অহা ১ এপ্ৰিলৰ পৰা ১০ হাজাৰ টকাকৈ প্ৰদান ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই ১০ হাজাৰ টকা সঠিককৈ ব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত বেংকৰ পৰা ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক