ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত ধুবুৰী জিলাত বিশেষ স্বাস্থ্য শিবিৰ আয়োজন

ধুবুৰী জিলাৰ ধৰ্মশালা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ আলমগঞ্জ গেৰামাৰী একত্ৰীকৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত কালি এটা বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। জিলাখনত প্ৰতিদিনে প্ৰতিখন খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বিদ্যালয় আৰু অঙ্গনৱাদী কেন্দ্ৰসমূহত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসকসকলে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি আছে যদিও শিক্ষার্থী সকলৰ সামগ্রিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই স্বাস্থ্য শিবিৰটো বিশেষভাৱে অনুষ্ঠিত কৰা হয়। এই স্বাস্থ্য শিবিৰটোত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিশু, অস্থি, নাক-কান আৰু ডিঙি, মনোৰোগ, চকু, আৰু দন্ত ৰোগ বিশেষজ্ঞৰ লগতে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কার্যক্ৰমৰ চিকিৎসকসকলে শিক্ষার্থী সকলৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা আগবঢ়ায়। উক্ত স্বাস্থ্য শিবিৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে ধৰ্মশালা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা০ মুস্কুৰা আহমেদ আৰু বিদ্যালয়খনৰ অধ্যক্ষ ডি বি পাণ্ডেই। এই কার্যসূচীত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ ধুবুৰী জিলাৰ কেইবাগৰাকীও স্বাস্থ্য বিষয়াৰ লগতে স্বাস্থ্যকর্মী, আশাকর্মী, পৰামৰ্শদাতা, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীও উপস্থিত থাকে। এই স্বাস্থ্য শিবিৰত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।