ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ৫ খন জিলাৰ ৪৪টা ভোটগ্রহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্ৰহণত ব্যাঘাত জন্মা ৫ খন জিলাৰ মুঠ ৪৪টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হয়। পুনৰ ভোটগ্রহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক ৩২টা, শ্রীভূমিৰ ৮টা, লখিমপুৰত ২টা, গোলাঘাট আৰু মাজুলীৰ এটাকৈ কেন্দ্ৰ আছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে কালি জিলাখনৰ আৰু এটা কেন্দ্ৰত পুনৰভোটগ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। বিয়লি ৪.৩০ বজাত এই ভোটগ্ৰহণৰ সামৰণি পৰিছে। হাইলাকান্দি জিলাত ৬৬ শতাংশৰো অধিক ভোটদান হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জিলাখনত ভোটগ্রহণ সামগ্রিকভাৱে শান্তিপূর্ণ আছিল।  শ্রীভূমি জিলাৰ ৮টা ভোটগ্রহণ কেন্দ্ৰত আজি শান্তিপূর্ণভাৱে পুনৰ ভোটগ্ৰহণ কৰা হয়। দিনৰ ডেৰ বজালৈ ৭৯৪ গৰাকী ভোটদাতাৰ ভিতৰত ৩৪৭ গৰাকী ভোটদান কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আজি শান্তিপূর্ণভাৱে ভোটগ্ৰহণ কৰা হয় ৷ আমাৰ সংবাদদাতাই জনোৱা মতে কেন্দ্ৰটোত ৮৮.১৬ শতাংশ ভোটদান হৈছে। গোলাঘাটৰ মহুৰা জিলা পৰিষদৰ দিচৈ গাঁও পঞ্চায়ত ৭ নম্বৰ ৱাৰ্ডৰ বাবে গুটুং প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত ভোটগ্ৰহণত ৮৫.৭৬ শতাংশ ভোটদাতাই ভোটদান কৰে।

অধিক পঢ়ক

সকলো চাওক