ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পঞ্জীয়নৰ বাবে জাননী জাৰি কৰিছে। সমৰ্থ প’ৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা চলিত ২০২৫-২৬ বৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব। নির্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ ন’ন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাইলৈৰ পৰা ২২ মে’লৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২৯ মে’ৰ পৰা ১ জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্রস্তুত কৰি চূড়ান্ত কৰাৰ লগতে ২ জুনত প্ৰথম মেধা তালিকা প্রকাশ পাব। ৪ জুন আৰু ৫ জুনত প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্রক্রিয়া আৰম্ভ হ’ব। ৭ জুনত দ্বিতীয়খন মেধা তালিকা প্রকাশ পাব। ৯ জুন আৰু ১০ জুনত তালিকাখনত অন্তৰ্ভুক্ত হোৱা শিক্ষার্থীসকলে নামভর্তি প্রক্ৰিয়া আৰম্ভ হ’ব। ১১ জুনৰ পৰা ১৪ জুনলৈকে থিতাতে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। আনহাতে অহা ১ আগষ্টৰ পৰা প্ৰথম ষান্মাষিকৰ শ্ৰেণীসমূহ আৰম্ভ হ’ব। উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ চি ইউ ই টিৰ জৰিয়তে নির্বাচিত প্রার্থীসকলৰ নামভর্তি প্রক্রিয়া ৫ জুলাইৰ পৰা আৰম্ভ হ’ব।
Site Admin | May 11, 2025 12:34 PM | Assam Govt Education Dept.
ৰাজ্যৰ শিক্ষা বিভাগৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পঞ্জীয়ন জাননী জাৰি
