ডাউনলোড
মোবাইল এপ

android apple
signal

January 6, 2025 7:20 PM | Assam Voter List

printer

ৰাজ্যৰ কেইবাখনো জিলাত সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ

ৰাজ্যৰ কেইবাখনো জিলাত আজি সংশ্লিষ্ট কর্তৃপক্ষই সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে বৰপেটা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰা হয়। এই উপলক্ষে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্তই সদৰি কৰা অনুসৰি বৰপেটা, চেঙা, মন্দিয়া আৰু পাকা বেতবাৰীৰ মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ৫৬ হাজাৰ ১০৮ গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা ৪ লাখ ৯২ হাজাৰ ৪৪ জন, মহিলা ভোটদাতা ৪ লাখ ৬৪ হাজাৰ ৪৫ গৰাকী আৰু তৃতীয় লিংগৰ ভোটদাতা ১৯ গৰাকী। পূৰ্বৰ তুলনাত এইবাৰ ২৫ হাজাৰ ৮৬০ গৰাকী ভোটদাতা বৃদ্ধি হৈছে বুলি অতিৰিক্ত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
ইপিনে বাক্সা জিলাৰ জিলা নির্বাচনী বিষয়াই আজি জিলাখনৰ ৪১ নম্বৰ মানাহ বিধানসভা সমষ্টি আৰু ৪২ নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকাখন প্ৰকাশ কৰে। এই অনুসৰি মানাহ বিধানসভা সমষ্টিত ১ লাখ ৩ হাজাৰ ৭৩৫ জন পুৰুষ আৰু ১ লাখ ২ হাজাৰ ৬১৮ গৰাকী মহিলা ভোটদাতা সমন্বিতে মুঠ ২ লাখ ৬ হাজাৰ ৩৫৩ গৰাকী ভোটদাতা আছে। বাক্সা বিধানসভা সমষ্টিত মুঠ ভোটদাতা ১ লাখ ৯৯ হাজাৰ ৫৩ গৰাকী। ইয়াৰে ভিতৰত ৯৮ হাজাৰ ৪০৫ জন পুৰুষ, ১ লাখ ৬৪৬ গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটদাতা।
একেদৰে বঙাইগাঁও জিলা প্ৰশাসনেও আজি জিলাখনৰ অভয়াপুৰী, সৃজনগ্ৰাম আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰে। এই তালিকা অনুসৰি জিলাখনৰ মুঠ ভোটদাতাৰ সংখ্যা ৫ লাখ ৭৬ হাজাৰ ৬৩৩ গৰাকী। ইয়াৰ ভিতৰত ২ লাখ ৯১ হাজাৰ ৮০ জন পুৰুষ, ২ লাখ ৮৫ হাজাৰ ৫৪৬ গৰাকী মহিলা আৰু ৭ গৰাকী তৃতীয় লিংগৰ ভোটদাতা ।
শিৱসাগৰ জিলাতো আজি ডিমৌ, শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হয়। এই অনুসৰি শিৱসাগৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটদাতাৰ সংখ্যা ৫ লাখ ৬৯ হাজাৰ ৬৯৫ গৰাকী। ইয়াৰে ২ লাখ ৭৯ হাজাৰ ৮৩৪ জন পুৰুষ, ২ লাখ ৮৯ হাজাৰ ৮৫৭ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা।
একেদৰে গোৱালপাৰা জিলাতো জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়াই চূড়ান্ত ভোটদাতাৰ তালিকাখন আনুষ্ঠিকভাৱে প্ৰকাশ কৰে। এই তালিকা অনুসৰি জিলাখনৰ মুঠ ভোটদাতাৰ সংখ্যা ৭ লাখ ৯৭ হাজাৰ ৮৪৬ গৰাকী।
শোণিতপুৰ জিলাত আজি প্ৰকাশিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি জিলাখনৰ ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা আৰু নাদুৱা বিধানসভা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ৬৯ হাজাৰ ৩৭৯ গৰাকী। ইয়াৰে ৪ লাখ ৭৯ হাজাৰ ৮৩০ জন পুৰুষ, ৪ লাখ ৮৯ হাজাৰ ৫২৬ গৰাকী মহিলা আৰু ২৩ গৰাকী তৃতীয় লিংগৰ ভোটদাতা।
দৰং জিলাতো জিলা আয়ুক্তই আজি দৰং নির্বাচনী জিলাৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা ৭ লাখ ২৫ হাজাৰ ৫১৭ গৰাকী। ইয়াৰে ৩ লাখ ৬৫ হাজাৰ ৮৭২ জন পুৰুষ আৰু ৩ লাখ ৫৯ হাজাৰ ৬২৭ গৰাকী মহিলা ভোটদাতা।

অধিক পঢ়ক

সকলো চাওক