ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত চলিত বৰ্ষত বান ৰোধৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে

● ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু আই আই টি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মথাউৰিসমূহ যাতে বাৰিষাৰ বানে ছিগিব নোৱাৰে তাৰ বাবে অত্যাধুনিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু নিৰ্মাণ কৰা মথাউৰিসমূহৰ নিম্নভাগত এটাকৈ জিঅ’ মেগা টিউব বহুওৱা হৈছে।

বানে মেগা টিউবৰ ওপৰত থকা মাটিৰ কিছু অংশ খহাই নিলেও এই মেগা টিউবে মথাউৰি ছিগি যোৱাৰ পৰা ৰোধ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। যোৱা চাৰিটা বৰ্ষত জলসম্পদ বিভাগে বান প্ৰতিৰোধৰ বাবে যথেষ্ট কাম কৰিছে বুলি উল্লেখ কৰি শ্ৰীহাজৰিকাই কয়, যে ইয়াৰ ফলত এতিয়া ধেমাজি, লখিমপুৰ, মৰিগাঁও, মাজুলী, নলবাৰীকে ধৰি বিটিআৰ আৰু বৰাক উপত্যকাৰ জিলাসমূহত বানে বিশেষ ক্ষতি কৰিব পৰা নাই।

তেওঁ কয়, যে সমগ্ৰ ৰাজ্যতে বান প্ৰতিৰোধৰ ক্ষেত্ৰত ৬০ পৰা ৭০ শতাংশ কাম সম্পূৰ্ণ কৰা হৈছে আৰু অনাগত সময়ত ৰাজ্যখনৰ ৪ হাজাৰ ৫০০ কিলোমিটাৰ মথাউৰিৰ কাষে কাষে একোটাকৈ জিঅ’ মেগা টিউব স্থাপন কৰা মথাউৰিসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি তোলা হ’ব।

উল্লেখযোগ্য যে ৰাজ্যত বান আৰু খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আই আই টি গুৱাহাটী আৰু জলসম্পদ বিভাগৰ মাজত সম্পন্ন হোৱা এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিভাগটোৰ ২০ গৰাকী অভিযন্তাই প্ৰতিবছৰে আই আই টি গুৱাহাটীত জলসম্পদ বিষয়ত অনলাইন এম টেক পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিব।

অধিক পঢ়ক

সকলো চাওক