ডাউনলোড
মোবাইল এপ

android apple
signal

January 17, 2025 8:20 PM | Silpi Diwas

printer

ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসৰ দিনা শিল্পী দিৱস পালন

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসত আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকীও শিল্পীলৈ বিভিন্ন বঁটা আগবঢ়োৱা হয়। অনুষ্ঠানত চলচ্চিত্ৰ ইতিহাসবিদ পৰিচালক পার্থজিৎ বৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে।
শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহতো আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। অসম সংগীত পৰিৱেশনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ প্রশান্ত প্ৰতীম শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৃতিত্বৰ বিষয়ত আলোকপাত কৰে। শিল্পীদিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা জ্যোতিসংগীত প্ৰতিযোগিতাত বহু সংখ্যক প্রতিযোগিয়ে অংশগ্ৰহণ কৰে।
শোণিতপুৰ জিলাৰ তেজপুৰৰ কমলা নগৰৰ শিল্পীগৰাকীৰ সমাধিস্থলী আৰু ৰূপকোঁৱৰৰ পৈত্ৰিক গৃহ জ্যোতি ভাৰতীত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয় । মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে জ্যোতিসংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জিলাখনৰ কমাৰগাঁও ৰূপালী যৱসংঘৰ উদ্যোগত আজি শিল্পী দিৱস উপলক্ষে জিলা ভিত্তিক জ্যোতিসংগীত প্রতিযোগিতা অনুষ্ঠিত হয়।
একেদৰে, সদৌ অসম ছাত্ৰ সন্থাই হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ হোজাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰে।
গুৱাহাটীৰ কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেচন গুৱাহাটীৰ আঞ্চলিক কার্যালয়ৰ উদ্যোগত গোপাল নগৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পীদিৱস পালন কৰা হয়। একেদৰে তেজপুৰ, মৰিগাঁও, গোৱালপাৰা, বৰপেটা, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্ততো আজি শিল্পী দিৱস উপলক্ষে বিভিন্ন কার্যসূচী পালন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক