গোলাঘাট জিলাৰ খুমটাইত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই প্লাণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল অনুষ্ঠিত হ’ব। মন্ত্ৰী অতুল বৰাই আজি বিধায়ক মৃণাল শইকীয়াৰ সৈতে এই উৎসৱ সন্দৰ্ভত আলোচনা মিলিত হয়। এই প্রয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতার্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়ক মৃণাল শইকীয়াক ধন্যবাদ জনায়।
Site Admin | December 29, 2024 6:55 PM | Khumtai Plant & Flower Festival
সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে খুমটাইত তৃতীয় পৰ্যায় খুমটাই প্লাণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল
