সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্রতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ-আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে ৭টা প্রতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা নেতৃত্বাধীন সর্বদলীয় প্রতিনিধি দলটো যোৱা ২৭ মে’ৰ পৰা চৌদি আৰৱত বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে। তেওঁলোকে যোৱা ২২ এপ্ৰিলত ২৬ গৰাকী অসামৰিক ব্যক্তিক হত্যা কৰা পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাটোৰ বিষয়ে ব্যাখ্যা কৰে। প্ৰতিনিধি দলটোৱে চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী আদেল আল জুবেইৰকে ধৰি দেশখনৰ নেতৃবৰ্গক ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী কঠোৰ স্থিতিৰ বিষয়ে অৱগত কৰায়। একেদৰে দেশখনৰ সাধাৰণ নাগৰিকসকলৰ বিভিন্ন সংস্থাকে ধৰি ভিন ভিন পক্ষৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকে দুয়োখন দেশৰ মাজত মত বিনিময় তথা দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনাক লৈও আলোচনা কৰে ৷
ডি এম কেৰ সাংসদ কে কানিমোঝি নেতৃত্বাধীন প্রতিনিধি দলটোৱে গ্ৰীচৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। গ্ৰীচ-ভাৰত সংসদীয় মিত্ৰতা গোটকে ধৰি ভিন ভিন পক্ষৰ সৈতে আলোচনা কৰি প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদ প্রতিহত কৰাৰ ক্ষেত্ৰত দেশখনৰ সহযোগিতাৰ বাবে আহ্বান জনায়। সন্ত্ৰাসবাদৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত লোক আৰু এনে লোকলৈ আশ্রয় তথা সহায়-সমর্থন আগবঢ়োৱা সকলৰ মাজত কোনো পার্থক্য নাই বুলিও দলটোৱে ভাৰতৰ মত উপস্থাপন কৰে। পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ লগতে ভাৰতে দিয়া প্ৰত্যুত্তৰৰ বিষয়েও তেওঁলোকে গ্ৰীচৰ প্ৰতিনিধিসকলক জানিবলৈ দিয়ে।
বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বত যোৱা দলটোৱে ৰোমত ইটালীৰ ছিনেটৰ বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা সমিতিৰ অধ্যক্ষ ষ্টেফানিয়া ক্ৰাক্ ছিৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। ভাৰত-ইটালী সংসদীয় মিত্ৰতা গোটকে ধৰি আন বিভিন্ন পক্ষৰ সৈতেও আলোচনাত মিলিত হৈ সংসদীয় প্ৰতিনিধি দলটোৱে বিশ্বত দেখা দিয়া সন্ত্রাসবাদৰ ভয়াৱহতাৰ বিষয়ে আলোচনা কৰে। ভাৰত আৰু ইটালীৰ মাজৰ সৌহার্দ্যপূৰ্ণ সম্পৰ্কৰ বিষয়টোৱেও এই আলোচনাত স্থান লাভ কৰে।
সঞ্জয় কুমাৰ ঝা নেতৃত্বাধীন সংসদীয় প্ৰতিনিধিৰ দলটোৱে জাকাৰ্টাত ইণ্ডোনেছিয়াৰ বিদ্বান, ব্যক্তি আৰু গৱেষকসকলৰ এটা দলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত তেওঁলোকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰে গ্ৰহণ কৰা ব্যৱস্থা তথা সন্ত্রাসবাদী কার্যকলাপক উৎখাত কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত দোহাৰে । অঞ্চলটোৰ শান্তি তথা সুস্থিৰতা ৰক্ষাৰ বিষয়টোৱেও তেওঁলোকৰ মাজৰ আলোচনাত ঠাই পায়।
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ নেতৃত্বাধীন সর্বদলীয় প্ৰতিনিধিৰ দলটোৱে আজি পানামাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ বিষয়টো উত্থাপন কৰে। পানামাস্থিত ভাৰতীয় দূতাবাসত আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ শ্ৰী থাকৰে কয়, যে পেহেলগামত সংঘটিত বৰ্বৰোচিত আক্ৰমণৰ ঘটনাটোৱে, পৰ্যটনৰ জৰিয়তে উত্থান ঘটিবলৈ লোৱা কাশ্মীৰৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰিবলৈ পাকিস্তানী সেনাৰ চক্ৰান্তৰ প্ৰতিফলন ঘটাইছে।
এন চি পিৰ সাংসদ সুপ্রিয়া সুলেৰ নেতৃত্বত তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ যোৱা সৰ্বদলীয় প্রতিনিধি দলটোৱে দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছে। একেদৰে শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দে নেতৃত্বাধীন প্রতিনিধি দলটো কংগো গণৰাজ্যৰ ভ্ৰমণ সামৰি সম্প্ৰতি ছিয়েৰা লিয়নত উপস্থিত হৈছেগৈ।
Site Admin | May 29, 2025 3:34 PM | Akashvani | Akashvani News | Terrorist
সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে বিদেশ ভ্ৰমণত সংসদীয় প্রতিনিধি দলৰ আলাপ-আলোচনা অব্যাহত
