ডাউনলোড
মোবাইল এপ

android apple
signal

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে বেংককত উপস্থিত প্রধানমন্ত্ৰী মোদী

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে। বেংকক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ উপ-প্রধানমন্ত্ৰী ছুৰিয়া জুংকংৰেংগ্‌কিটে আদৰণি জনায়। ২০১৬ আৰু ২০১৯ বৰ্ষৰ পাছত এয়া হ’ল প্ৰধানমন্ত্রী মোদীৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। বেংককত উপস্থিত হোৱাৰ পাছত সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে আসন্ন আনুষ্ঠানিক আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আৰু থাইলেণ্ডৰ সৈতে ভাৰতৰ সহযোগিতামূলক সম্পর্ক সুদৃঢ় কৰি তোলাৰ প্ৰতি তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
দুদিনীয়া এই ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সন্ধিয়া থাইলেণ্ডৰ প্ৰধানমন্ত্রী পিটংটাৰ্ন চিনাৱাটাৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব। এই আলোচনাৰ সময়ত তেওঁলোকে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্রিক বিষয় লৈ আলোচনা কৰাৰ লগতে আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহৰ ক্ষেত্ৰত ভাৰত আৰু থাইলেণ্ডৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি সম্পাদিত হ’বলগীয়া সময়তো তেওঁলোক উপস্থিত থাকিব।
উল্লেখযোগ্য যে কাইলৈ হ’বলগীয়া ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হ’ল ‘BIMSTEC-সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি’। এইবেলি শীর্ষ সন্মিলনত ‘বেংকক দৃষ্টিভংগী-২০৩০’ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ লগতে সংগঠনটোৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা নিৰূপণৰ উদ্দেশ্যে BIMSTEC-ৰ বিশিষ্ট ব্যক্তিসকলৰ গোটে দাখিল কৰা প্ৰতিবেদনখন বিবেচনালৈ অনা হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ দশমগৰাকী ৰজা ৰাম আৰু দেশখনৰ ৰাণীগৰাকীক সাক্ষাৎ কৰিব।

অধিক পঢ়ক

সকলো চাওক