যোৰহাট জিলাত ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বুথ পৰ্যায়ৰ বিষয়া আৰু পর্যবেক্ষকসকলৰ বাবে আজি তিতাবৰৰ দেৱ কুমাৰ বৰা প্ৰেক্ষাগৃহত প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। তিতাবৰ আৰু মৰিয়নী বিধান সভা সমষ্টিৰ বিষয়াসকলৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্য প্ৰশিক্ষকে ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী কার্যকলাপৰ সময়ত কোনো ভোটদাতাই যাতে তালিকাৰ পৰা বাদ নপৰে এই সন্দৰ্ভত নির্বাচন আয়োগে নিৰ্ধাৰণ কৰা মূল বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ লগতে সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াক ভোটদাতাৰ তালিকা অধিক নির্ভুল আৰু ত্রুটিমুক্ত কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
Site Admin | September 1, 2024 7:20 PM | Jorhat Voter List
যোৰহাট জিলাত ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচী
