ডাউনলোড
মোবাইল এপ

android apple
signal

মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত

● গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এটা দলে ড০ কংকন শর্মাৰ নেতৃত্বত মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত কৰিছে। লেডী কিন কলেজ, শ্বিলং আৰু আই চি এ আব নেচনেল ব্যুৰ’ অৱ ফিছ জেনেটিক বিছাৰ্ছ লক্ষ্ণৌৰ সহযোগিতাত আৱিষ্কাৰ কৰা মাছৰ প্ৰজাতিবিধক শ্বিষ্টুৰা ডেনচিক্লাভা নামেৰে নামকৰণ কৰিছে। মেঘালয়ৰ অতি অন্ধকাৰ গুহাৰ মাটিৰ তলত শ শ মিটাৰ গভীৰতাত পোৱা এই মাছবিধে অতি দুর্গম পৰিস্থিতিত জীয়াই থাকিব পাৰে। এই গৱেষণা আৰু আৱিষ্কাৰে গুহাৰ পৰিৱেশত মাছৰ জীৱন প্ৰণালী বিষয়ে বিশদ অধ্যয়নৰ পথ প্রশস্ত কৰিব বুলি আশা কৰা হৈছে। নিজৰাৰ পৰা গুহাত প্ৰৱেশ কৰা এই মাছে কি অভিযোজনাৰ মাজেৰে জীয়াই থাকে সেয়াও গৱেষণা কৰাৰ যথেষ্ট থল আছে বুলি প্ৰাণীবিজ্ঞানৰ গৱেষকসকলে মত প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক