দুদিন পূর্বে দেহাৱসান ঘটা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সুঁৱৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে কয়, যে দেশে এগৰাকী মহান বিজ্ঞানীক হেৰালে। বিজ্ঞান, শিক্ষা আৰু ভাৰতীয় মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত প্রয়াত কস্তুৰীৰংগনে উচ্চতাৰ শিখৰলৈ লৈ যোৱা বুলিও তেওঁ প্ৰকাশ কৰে। প্রধানমন্ত্রী শ্রীমোদীয়ে এই এপ্রিল মাহতে ভাবতে আর্যভট্ট উপগ্রহ উৎক্ষেপন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আনন্দ প্রকাশ কৰে। ৫০ বছৰ পূৰ্বে প্রযুক্তি আৰু আধুনিক সমলৰ যথেষ্ট উৎস নথকা সত্তেও বিজ্ঞানীসকলে আন্তৰিক প্রয়াসেৰে মহাকাশ যাত্ৰা আৰু গৱেষণাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্রহণ কৰিছিল। অগ্রজসকলৰ এই প্ৰয়াসৰ ফলতে ভাৰতে বিশ্ব মহাকাশ শক্তিৰ ক্ষেত্ৰত নিজস্ব স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ ভাৰতে ১০৪ টা উপগ্রহ উৎক্ষেপন কৰাটো গৌৰৱৰ বিষয়ে বুলি উল্লেখ কবে। প্রধানমন্ত্রীয়ে কয়, যে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ। ভাৰতে মহাকাশ খণ্ডৰ ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিছে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত মহাকাশ ষ্টার্ট আপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ বাবে যুৱ প্ৰজন্মৰ ভালেসংখ্যকে আগবাঢ়ি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। মহাকাশ বিষয়ত কাম-কাজ কৰাব ক্ষেত্ৰত ১০ বছৰে আগতে মাত্ৰ এটাহে কোম্পানী আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দেশত এই বিষয়ত কাম কৰি থকা কোম্পানীৰ সংখ্যা বর্তমান ৩২৫ লৈ বৃদ্ধি পাইছে। ভাবতে গগনযান, স্পাদেক্স, আৰু চন্দ্ৰযান ফ’ৰ আদিৰ দৰে বহু গুৰুত্বপূর্ণ অভিযানৰ প্ৰস্তুতিত ব্যস্ত থকা বুলিও তেওঁ উল্লেখ কৰে।
Site Admin | April 27, 2025 12:32 PM | Mann Ki Baat
মন কী বাত অনুষ্ঠানত ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ
