ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি চিৰুয়ি গাঁওৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগলিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। এই মহোৎসৱ মণিপুৰত পোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ শ্বিৰুয়ি লিলি ফুলৰ সংৰক্ষণ আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এইবাৰ এই প্ৰজাতিৰ ফুলবিধৰ আৱিস্কাৰৰ ৭৫ বছৰ পূৰ্ণ হৈছে বুলি উল্লেখ কৰি এয়া ৰাজ্যখনৰ ভৌগলিক আৰু প্ৰাকৃতিক ক্ষেত্ৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। ইম্ফল নগৰীৰ পৰা ৮০ কিলোমিটাৰ দূৰৈত উখৰুল জিলাত আয়োজিত এই মহোৎসৱৰ বাবে ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহোৎসৱ উপলক্ষে অঞ্চলটোলৈ বহু লোকৰ সমাগম হৈছে। মহোৎসৱৰ অংশ হিচাপে ক্রীড়া, সাহিত্য, দুঃসাহসিক ক্রীড়া আৰু অন্যান্য অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক