কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই তিনিওজন বিদ্ৰোহীয়ে যোৱা বছৰ ১৭ জানুৱাৰীত মণিপুৰ মোৰেত ভাৰতীয় সংৰক্ষিত বাহিনীৰ এটা নিৰাপত্তা চাউনীত আক্ৰমণ সংঘটিত কৰাৰ লগতে এটা তহলদাৰী গোটৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল। এই ঘটনাত দুজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আন কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হৈছিল। এন আই এ গ্ৰেপ্তাৰ কৰা মণিপুৰী বিদ্ৰোহী কেইজন হৈছে থাংমিনেল মেটে, কামগিংথাং গাংটে, হেন্তিনথাং কিপগেন। উল্লেখযোগ্য যে এন আই এই নিৰাপত্তাৰক্ষী আক্ৰমণৰ সৈতে জড়িত আন বিদ্রোহীসকলৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে। ইফালে চিবিআইয়ে অভিযান চলাই যোৱা নিশা ইম্ফল বিমান বন্দৰৰ পৰা ২০২৩ চনৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আন এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কাৰ ব্যক্তিজন মণিপুৰৰ আৰামবাই টেংগল নামৰ বিদ্ৰোহী সংগঠনটোৰ সদস্য। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চি বি আইয়ে মণিপুৰৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
Site Admin | June 8, 2025 8:42 PM | Manipur | NIA
মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক এন আই এৰ গ্ৰেপ্তাৰ
