ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। উখৰুলত চলি থকা শ্বিৰই লিলি উৎসৱত ভাগ ল’বলৈ যোৱা ৰাজ্যিক জনসংযোগ বিভাগৰ এখন বাছৰ যাত্ৰীসকলৰ প্ৰতি সেনা বাহিনীৰ লোকে অৱজ্ঞাসূচক আচৰণ কৰাৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা মতে ২০ গৰাকী সংবাদকর্মী আৰু মণিপুৰ চৰকাৰৰ জনসংযোগ বিষয়াৰ এটা দল মণিপুৰ ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছেৰে উখৰুললৈ গৈ থকা অৱস্থাত ইম্ফল পূব জিলাৰ গোৱালতাবিত থকা তালাচী চকীত সেনা বাহিনীৰ চতুৰ্থ মাহাৰ ৰেজিমেণ্টৰ এটা দলে আগচি ধৰে আৰু বাছখনত লিখি থকা মণিপুৰ ৰাজ্যিক পৰিবহণ শব্দকেইটা মোহাৰি নেপেলোৱা পৰ্যন্ত বাছখন যাবলৈ দিয়া নহ’ব বুলি বাধা দিয়ে। এই কাৰ্যৰ সাংবাদিকসকলে প্ৰতিবাদ জনায় আৰু ইম্ফললৈ উভতি আহে। ইয়াৰ প্ৰতিবাদত মণিপুৰৰ উপত্যকা জিলাকেইখনৰ নাগৰিক সমাজৰ উমৈহতীয়া মঞ্চই এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান দিয়ে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই এই ঘটনাৰ এটা তদন্ত চলাবলৈ আৰু ১৫ দিনৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক