কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাই কৈছে যে, ভাৰতৰ প্ৰধান প্ৰমূল্য আৰু বসুধৈৱ কুটুম্বকম অৱধাৰণা, বিশ্ব স্বাস্থ্য সভা- WHAৰ বিষয়বস্তু স্বাস্থ্যৰ বাবে সকলো, সকলোৰে বাবে স্বাস্থ্যৰ অনুৰূপ। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ কমিটি-Aক সম্বোধন কৰি শ্ৰীচন্দ্ৰাই কয় যে, ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বক সহায় কৰি এখন বিশ্ব, এটা পৰিয়ালৰ ধাৰণা সাকাৰ ৰূপ দিছে। – বিশ্ব স্বাস্থ্য সভা- WHAত তিনিখন মূল কমিটিৰ সত্ৰ আছে আৰু সেইসমূহ হৈছে – পূৰ্ণাংগ, কমিটি-A আৰু কমিটি-B। স্বাস্থ্য মন্ত্র্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে, ভাৰতে কমিটি-Aৰ অধ্যক্ষতা কৰিব আৰু জনস্বাস্থ্যৰ জৰুৰীকালীন প্রস্তুতি তথা সঁহাৰি, জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে স্থায়ী বিত্তীয় যোগান আদিকে ধৰি বিভিন্ন কাৰ্যসূচী সম্বন্ধীয় বিষয় লৈ আলোচনাৰ সুবিধা প্ৰদান কৰিব।
Site Admin | May 28, 2024 1:15 PM | WHA
ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বক সহায় কৰি এখন বিশ্ব, এটা পৰিয়ালৰ ধাৰণা সাকাৰ ৰূপ দিছে বুলি অপূর্ব চন্দ্ৰাৰ প্ৰকাশ
