ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীলঃ প্রধানমন্ত্ৰী

এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৭৮ সংখ্যক সত্ৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। স্বাস্থ্য প্ৰত্যাহ্বানসমূহে বিশেষকৈ গ্লোৱেল ছাউথ হিচাপে জনাজাত ঔদ্যোগিকৰণ আৰু আৰ্থিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় দৃষ্টিভংগীয়ে এই সমস্যা সমাধান অনুকৰণীয় আৰু স্থায়ী আৰ্হিৰ সন্ধান দিয়ে। তেওঁ কয়, যে অন্তর্ভুক্তি দেশৰ স্বাস্থ্য সংস্কাৰ প্ৰক্ৰিয়াৰ ভেঁটিস্বৰূপ আৰু সেই অনুযায়ী চৰকাৰে সমগ্ৰ দেশত স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ নেটৱৰ্ক গঢ়ি তুলিছে। তেওঁ লগতে কয়, যে দেশত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত ৰূপায়ণ কৰা হৈছে আৰু ৫৮ কোটি লোক এই আঁচনিৰ পৰা উপকৃত হৈছে। হাজাৰ হাজাৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ বিশাল নেটৱৰ্কৰ কথা উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে এই কেন্দ্ৰসমূহত কৰ্কট, মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ প্ৰাৰম্ভিক পৰীক্ষা আৰু চিনাক্তকৰণৰ সুবিধা আছে। তেওঁ লগতে যথেষ্ট কম দৰত উচ্চ মানৰ ঔষধ যোগান ধৰি অহা হাজাৰ হাজাৰ ৰাজহুৱা ঔষধালয়ৰ ভূমিকাৰ বিষয়েও উল্লেখ কৰে। স্বাস্থ্য সেৱাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে গৰ্ভৱতী মহিলা আৰু শিশুৰ টীকাকৰণৰ বিষয়ে দৃষ্টি ৰখাৰ বাবে প্ৰৱৰ্তন কৰা ডিজিটেল মঞ্চ আৰু অনন্য ডিজিটেল স্বাস্থ্য পৰিচয় ব্যৱস্থাৰ দৰে ভাৰতৰ ডিজিটেল উদ্যমসমূহৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে দূৰ সংযোগ ব্যৱস্থাৰে চিকিৎসা প্ৰদানৰ টেলি মেডিচিন প্ৰণালীৰ বলত এতিয়া আৰু কোনো লোক চিকিৎসকৰ সেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হোৱা নাই বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতত বিনামূলীয়া টেলি মেডিচিন সেৱাৰে ৩৪ কোটি লোকে চিকিৎসা পৰামৰ্শ লাভ কৰিছে। চৰকাৰৰ চিকিৎসা উদ্যমসমূহৰ বাবে জনসাধাৰণে কম খৰছত উন্নত চিকিৎসা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। এই বছৰৰ বিষয়বস্তু স্বাস্থ্যৰ বাবে এখন বিশ্ব সম্পর্কে আলোকপাত কৰি শ্রীমোদীয়ে কয়, যে এই বিষয়বস্তু ভাৰতৰ দৃষ্টিভংগীৰ অনুৰূপ। তেওঁ লগতে আন্তঃ চৰকাৰী নিকায় চুক্তিৰ সফল আলোচনাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু সকলো সদস্য ৰাষ্ট্ৰক অভিনন্দন জ্ঞাপন কৰে। ই বৃহত্তৰ গোলকীয় সহযোগিতাৰে ভৱিষ্যতৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিচায়ক বুলি প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক