বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ পেৰিছত দেশখনৰ বিদেশ মন্ত্ৰী জ্যান নৱেল বেৰোটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। শ্ৰীজয়শংকৰে দেশখনৰ আন আন জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে বুদ্ধিজীৱি আৰু সংবাদ মাধ্যমৰ সৈতেও মত বিনিময় কৰিব। ইউৰোপ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীজয়শংকৰে ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধি আৰু উপৰাষ্ট্ৰপতি কাজাকাল্লাচৰ সৈতে কূটনৈতিক আলোচনাত মিলিত হ’ব। মন্ত্ৰীগৰাকীয়ে ইউৰোপৰ সংসদ আৰু আয়োগৰ জ্যেষ্ঠ নেতাসকলৰ সৈতেও মিলিত হোৱাৰ কথা। বেলজিয়াম ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে দেশখনৰ উপ প্রধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী মেগজিম প্ৰিবতৰ সৈতে দ্বিপাক্ষিক বিষয় লৈ মত বিনিময় কৰাৰ লগতে জ্যেষ্ঠ নেতাসকলকো সাক্ষাৎ কৰিব। তেওঁ দেশখনত থকা ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কৈছে যে ড° জয়শংকৰৰ এই ভ্রমণে ইউৰোপীয় সংঘ, ফ্ৰান্স আৰু বেলজিয়ামৰ সৈতে বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক বন্ধুত্বমূলক সম্পৰ্ক আৰু অধিক সূদৃঢ় কৰিব।
Site Admin | June 8, 2025 8:23 PM | EAM Dr S Jaishankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা
