ডাউনলোড
মোবাইল এপ

android apple
signal

April 11, 2025 9:52 AM | Bihar Death

printer

বিহাৰত যোৱা ২৪ ঘণ্টাত বর্ষাজনিত ঘটনাত ৫৮ জন লোকৰ মৃত্যু

বিহাৰত যোৱা ২৪ ঘণ্টাত বর্ষাজনিত ঘটনাত ৫৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ আৰু বতাহৰ ফলত ধন-জন হানি হোৱা বুলি জানিব পৰা গৈছে। প্রাপ্ত বাতৰি অনুসৰি নালন্দা জিলাত গছ উভালি বেৰ খহি পৰাৰৰ ফলত ২২ জন লোকে প্ৰাণ হেৰুৱাই । ভোজপুৰ আৰু গঞা জিলাত বর্ষাজনিত ঘটনাত ক্ৰমে ৫ জন আৰু ৩ জন লোক নিহত হয়। পাটনা, গোপালগঞ্জ, মুংগেৰ, সমষ্টিপুৰ, জেহানাবাদ মুজফ্‌ফ্ফৰপুৰ, অৰৰিয়া, বেগুচড়াই আৰু আন জিলাসমূহতো ভালে কেইজন লোক হতাহত হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে। তেওঁ লগতে বর্ষাজনিত ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ ৪ লাখ টকাকৈ এককালীন সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৪৮ ঘণ্টাত ৰাজ্যখনত বিজুলী, ঢেৰেকনিৰে অধিক বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক