ৰাজ্যিক নির্বাচন আয়োগে কালি বি টি চি নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্রকাশৰ জাননী জাৰি কৰে। এই অনুসৰি কাইলৈ ফটোযুক্ত ভোটাৰ তালিকা প্রকাশৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হ’ব আৰু ২২ জুলাইত খচৰা তালিকা প্রকাশ পাব। ৫ আগষ্টৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিব পৰা হ’ব আৰু ১১ আগষ্টৰ ভিতৰত এইবোৰ নিষ্পত্তি কৰা হ’ব। ১৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা আৰু ১৮ আগষ্টত ভোটগ্রহণ কেন্দ্ৰৰ তালিকা প্রকাশ পাব। উল্লেখযোগ্য যে যোৱা ৫ জুনত বিটিচি পৰিষদীয় সমষ্টিৰ পুনৰ গঠনৰ বাবে খচৰা পুনব নিৰ্ধাৰণৰ আদেশ জাৰি কৰা হৈছে। বিগত সময়ছোৱাত বি টি আবত নতুনকৈ অন্তর্ভুক্ত ৮১ খন গাঁও কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংশ্লিষ্ট পৰিষদীয় সমষ্টিত অন্তৰ্ভুক্তিৰ বাবে এই আদেশৰ জৰিয়তে ৰাজহুৱা শুনানি ল’বলৈ কোৱা হৈছে। সংশ্লিষ্ট জিলা আয়ুক্তসকলক এই শুনানি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ প্রতিবেদন প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। বড়োলেণ্ড উন্নয়ন বিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত আদেশ জাৰিব বাবে আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° হিমন্তি বিশ্ব শৰ্মাই অহা ছেপ্তেম্বৰত বি টি চি নির্বাচন অনুষ্ঠিত হ’ব বুলি ইতিপূর্বে ঘোষণা কৰিছে।
Site Admin | June 18, 2025 1:22 PM | BTC Voter List
বি টি চি নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্রকাশৰ জাননী জাৰি
