প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক জন কল্যাণৰ ভিত্তিত ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ প্ৰধান উপদেষ্টা হিচাপে প্ৰফেচাৰ স্বামীনাথনে কাৰ্যসূচীৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সামগ্ৰিক ৰণনীতি সন্দৰ্ভত কাৰিকৰী পৰামৰ্শ আগবঢ়াব। তেওঁ লগতে নীতিগত নিৰ্দেশাৱলী আৰু আৱশ্যকীয় উপায় তথা গৱেষণা নীতি সন্দৰ্ভতো পৰামৰ্শ দিব। তেওঁ সমগ্ৰ বিশ্বৰ আগশাৰীৰ প্ৰতিভাশালী বিশেষজ্ঞ গোট গঠনৰ ক্ষেত্ৰতো সহায় আগবঢ়াব। ড০ স্বামীনাথনে এই কাৰ্যসূচীৰ প্ৰভাৱৰ মূল্যায়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়, ৰাজ্যিক স্বাস্থ্য বিষয়া আৰু উন্নয়ন সহযোগীসকলক সহায় কৰিব।